শূন্য পৰিচয়'s image
2 min read

শূন্য পৰিচয়

Jatindra Nath DuwaraJatindra Nath Duwara
0 Bookmarks 4309 Reads0 Likes

শূন্য পৰিচয়

মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে
সেউজীয়া বননিৰ বৰণেৰে ঢকা;
অন্তৰ জলোৱা ছবি অতীতৰ স্মৃতি লই
বুকুৰ তেজেৰে আছে অন্তৰতে অঁকা |
কত জন কাষলই কতভাৱে আহি মোৰ
তোলায় হিয়াত মোৰ সকৰুণ তান;
শূন্যত বিয়পি পৰি শূন্যতেই যায় মাৰ
ভাগ্যহীন জীৱনৰ সুৰহীন গান |
বিষাদ-বিননি মোৰ গুজৰি গুমৰি উঠে;
হ’ব পাৰে ইও এটি সপোনৰ ৰেখা;
সপোনৰ শেষ হ’লে মোহ-জাল আঁতৰিলে
দুনাই এনুৱাভাৱে দিবা জানো দেখা ?
জীৱনৰ আঁৰতেই আছো মই সংসাৰত
ছায়া মাথোঁ কায়াহীন বিফল বাসনা;
উটাই বুৰাই সোঁতে টানি লই ফুৰে মোক
প্ৰেমৰ মধুৰ ছবি অলীক কল্পনা |
অনাদৰ অৱহেলা সকলো গোটাই লই
ৰচোঁ মই জীৱনৰ কুসুম-কানন,

ইযে মোৰ কপালত বিধিৰ নিঠুৰ লেখা
এয়ে মোৰ জীৱনৰ কাঁইটীয়া বন |
নিৰলে থাকিম বুলি সাজিছো ইয়াতে পজাঁ
দাঁতিয়েদি বই যায় পাহৰণি-নই,
ধুনীয়া জোনাক ৰাতি বহি তাৰ পাৰতেই
শুনাম জীৱন-গীতি বীণখণি লই |
আকুল উদাৰ সুৰে উঠিব জগত জুৰি
গভীৰ বেদনা-ৰাশি অন্তৰ মাজৰ,
নেলাগে চেনেহ কাৰো নিবিচাৰোঁ হুমুনিয়া
সাগৰতে মাৰ যায় ঢউ সাগৰৰ |
দিনে দিনে দিন গই মাহত মিলিব আহি
মাহ আহি শেষ হয় বছৰ-বুকুত;
কালৰ পুতলা আমি পাতোঁ নতুনৰ মেলা
নতুন ৰহণ সানি পুৰণি চকুত |
এনেদৰে থাকোঁতেই হঠাতে এদিন আহি
কাল-পছোৱাই দিব চাকিটি নুমাই,
নিচিনা বাটেদি মোক নজনা দেশৰ পিনে
নিয়তিয়ে হাত ধৰি নিব আগুৱাই |
আকাশৰ জোন বেলি চিৰকাল একেদৰে
ওলাব সোমাব নিতে সন্ধিয়া পুৱাত
জহ জাৰ বাৰিষাত বনফুল কুঁহিপাতে
নিতউ নতুন বেশ বিলাব ধৰাত |
সংসাৰৰ বেচা কিনা চলিব সদায় একে,
মাথোঁ মোৰ দেহা হ’ব অনন্তত লয়;
পাহৰণি-নইখনি পঁজাৰ কাষেদি বই
দিব জগতত মোৰ শূন্য পৰিচয় |

No posts

Comments

No posts

No posts

No posts

No posts