শেহত দুয়োটি একত লীন's image
2 min read

শেহত দুয়োটি একত লীন

Jatindra Nath DuwaraJatindra Nath Duwara
0 Bookmarks 446 Reads0 Likes

শেহত দুয়োটি একত লীন
কবি আৰু দাৰ্শনিক |
আলিবাটটোৰ দুয়োফালেদি দুয়ো যাব লাগিছে-সত্যৰ
অনুসন্ধানত গৈ গৈ দূৰৈৰ পৰ্ব্বতটোৰ কাষ চাপিলগৈ| ওপৰলৈ
চাই দেখিলে, ওপৰৰপৰা দুখন হাতে তেওঁলোক দুয়োকে যেন
কাষলৈ মাতিছে| এখন সোঁওফালে, আনখন বাঁওফালে| সোঁ-
হাতখন যেন নামি আহিছে শূন্য নীল আকাশৰপৰা, আৰু বাঁওখন
যেন এচপৰা ধীৰ ডাৱৰৰ বুকুৰপৰা; দুয়ো দুফালেদি পৰ্ব্বত
বগাবলৈ ধৰিলে| যিজন শূন্য নীল আকাশৰ তলৰ বাটেদি
বগাবলৈ ধৰিলে, তেওঁক আনজনে ক’লে, ‘তুমি ভুল কৰিছা, বন্ধু|
বহুত পৰ ৰ’দত বাট বুলি তোমাৰ মূৰ আচন্দ্ৰাই কৰিছে| তোমাৰ
ওপৰত যি দেখিছা, সি মাথোন শূন্য; তুমি ইয়াৰ মাজত সোমালেই
দেখিবা-তাত একোৱেই নাই, শূন্য; আন কি, তুমি উশাহ
ল’বলৈকে টান পাবা| মোৰ মূৰৰ ওপৰত বুকুত বিজুলীয়ে চিকমিক
কৰা যিচপৰা ক’লা ডাৱৰ দেখিছা, যাৰ বুকুৰ গাজনি শুনিছা,
আৰু য’ত মাজে মাজে পোহৰ জিলিকি পৰিছে, সেই পোহৰতেই
মোক বাট দেখুৱাই মাতিছে| মই তালৈকে উঠি যাম|’ নীল
আকাশৰ বুকুলৈ চাই বাট বোলা জনে উত্তৰ দিলে, তুমি ভুল
কৰিছা বন্ধু; তোমাৰ ওপৰত এচপৰা ক’লা ডাৱৰ কুঁৱলী আৰু
পনীয়া বতাহেৰেই ভৰা| এবাৰ তাত সোমালে আৰু ওলাবৰ বাট
নোপোৱা; তাতে ঘূৰি ফুৰিব লাগিব| মোৰ ওপৰত থকা অনন্ত
নীল আকাশে মোক মাতিছে, মই তালৈকে যাম|’ দাৰ্শনিকে
মাথোন ক’লে, ‘অন্ধ!’ কবিয়ে মাত লগালে, ‘নিৰ্ব্বোধ!’ দুয়ো
দুফালেদি বগাবলৈ ধৰিলে| শেহত যেতিয়া ভাগৰত লালকাল
হৈ পৰ্ব্বতৰ টিং পালেগৈ, ঈশ্বৰ সোঁ হাতখনেৰে কবিক, আৰু
বাঁওহাতেৰে দাৰ্শনিকক, দুয়োকো বুকুত সাবটি ল’লে| যেতিয়া
তেওঁলোক দুয়ো সাৰ পালে, তেতিয়া বুজিলে যে দুয়ো একেখনি
বুকুৰ দুফালেদি আছে| এজনে মাত লগালে, ‘মই সোঁওফালে,’
আনজনে ক’লে, মই বাঁওফালে, অথচ আমি আমি একে ঠাইতে,’
আৰু তাতেই দুয়ো সত্যৰ ধ্বনি শুনিবলৈ পালে |

No posts

Comments

No posts

No posts

No posts

No posts