
0 Bookmarks 533 Reads0 Likes
১)
এন্ধাৰ তলাতল ভাঙি আহে পাখিলগা শব্দ
মোৰ তেজৰ কোলাত দিনৰ উজ্জ্বল গোন্ধ, হিৰণ্ময় ৰাতি |
২)
আঁঠুৰ ধুলি দুহাতেৰে মচি থিয় দিয়ে দুখ,
তুলসীতলৰ গধূলি আৰু কৰুণ কৰে মাটিৰ ঢিমিকি পোহৰে |
৩)
উৰণীয়া চৰাইৰ পাখিৰ তলত নিম-দুপৰৰ হালধীয়া বাঁহী,
আপোনা-আপুনি জাপ খাই আহে মোৰ গধুৰ চকু,
নিজানে মেলি ধৰে কাঁইটীয়া বুকুৰ গুলপীয়া পাহি |
No posts
No posts
No posts
No posts
Comments