গণেশ গগৈ's image
1 min read

গণেশ গগৈ

Ganesh GogoiGanesh Gogoi
0 Bookmarks 473 Reads0 Likes

গণেশ গগৈ

সৌন্দৰ্য্য,
কত আভা, কত প্ৰভা, মনোলোভা
মনোৰমা,
কত কবি, কত ছবি, যাচে চুমা
নিৰুপমা,
কত অলি, পৰি ঢলি, প্ৰাণ - ঢালি
প্ৰেমে পমা,
মাতে সখি, আছোঁ ৰখি, আঁহা প্ৰিয়ে
প্ৰিয়তমা!
- ইয়াতো কবিৰ প্ৰাণ ইনাই বিনাই
ফুটুকা ফুলতো দেহি ফেঁটী সাপ পায় ||

কবি,
শান্ত জুৰ, সুমধুৰ, মোৰ সুৰ
প্ৰেমে পূৰ;
হে চতুৰ, কাব্যচোৰ, কিয় টোকা
চকুলোৰ?
সৌ হিৰণ, ঢৌ-কিৰণ, মৌ-মিলন
নোহে দূৰ,
ত্যাজি দ্বেষ, হিংসা-বেশ, চোৱা ঘূৰি
স্বৰ্গপূৰ |
- নোৱাৰা সাধিব কবি সৌন্দৰ্য্য নাশ,
সৌন্দৰ্য্য আপুনি হ'ব আপুনি প্ৰকাশ !

No posts

Comments

No posts

No posts

No posts

No posts